25 C
Guwahati
Thursday, October 21, 2021
More

    বঙাইগাঁৱত দুটাকৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু;শোকাহত প্ৰকৃতিপ্ৰেমী

    বুকুত সন্তানক সাৱটি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে অবুজ মাতৃ আৰু সন্তানে

    পৃথিৱী বিখ্যাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰম্যভূমি বুলি পৰিচিত বঙাইগাঁৱত পুনৰ দুটাকৈ সোণালী বান্দৰৰ মৃত্যু৷ শোকাৱহ ঘটনাত প্ৰাণ গ’ল দুটাকৈ সোণালী বান্দৰৰ। বুকুত সন্তানক সাৱটি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি ল’লে অবুজ মাতৃ আৰু সন্তানে। ৰাষ্ট্ৰীয় ঘাইপথৰ এই মৰ্মান্তিক আৰু কৰুণ দৃশ্যই চকু সেমেকাইছে প্ৰত্যক্ষদৰ্শীৰ৷

    কাকৈজানাৰ কদমতলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যুক সাৱটি লয় বান্দৰ দুটিয়ে।মূলত খাদ্যৰ সন্ধানত পথ অতিক্ৰম কৰাৰ সময়তেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে৷ বন বিভাগৰ লোক উপস্থিত হৈ বান্দৰ দুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে৷

    স্বাভাৱিকতে দুটাকৈ দুষ্প্ৰাপ্য সোণালী বান্দৰে এনেকৈ মৃত্যুক সাৱটি লোৱাত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাকৈজানা পাহাৰত খাদ্যৰ নাটনিৰ বাবেই সঘনাই জনাঞ্চললৈ নামি অহাৰ বাবেই প্ৰায়েই মৃত্যুমুখত পৰে এই দুষ্প্ৰাপ্য সোণালী বান্দৰসমূহ৷

    Input: Prasant Ray

    Photo Credit: Republic World

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং