25 C
Guwahati
Thursday, October 21, 2021
More

    লংকা আৰক্ষীৰ জালত ২ প্ৰৱঞ্চকসহ সোণৰ ২খন বিস্কুট

    লংকা আৰক্ষীৰ জালত ২ প্ৰৱঞ্চকসহ ১ কিঃগ্ৰাঃ ওজনৰ ২ খন সোণৰ বিস্কুট।

    লংকাৰ ডাবলঙৰ পৰা আটক দুয়োকে। আটকাধীন দুই প্ৰৱঞ্চক ক্ৰমে হিফজুৰ ৰহমান আৰু ইদ্ৰিছ আলী।

    বেজালি কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হ’ল প্ৰৱঞ্চকদ্বয়।

    গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে চলাইছিল অভিযান। বেজালি কাৰ্যত ব্যবহৃত দুটা কলহসহ এখন ছুইফট‌ ডিজায়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

    ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ধৃত ২ প্ৰৱঞ্চককে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং