27 C
Guwahati
Wednesday, October 13, 2021
More

    ৰাজ্যসভাত বিত্ত মন্ত্ৰীৰ ভাষণৰ সময়ত শুই থাকিল ২জন সাংসদ, ইয়াকে লৈ টুইটাৰত আকৰ্ষণীয় Memes

    সূত্ৰ অনুসৰি দক্ষতা উন্নয়ন মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে তেতিয়ালৈ শুই থাকিল যেতিয়ালৈ পাছফালৰ পৰা কোনোবাএজনে জগাই দিয়া নাছিল

    বুধবাৰে ৰাজ্যসভাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৰ্দ্ধিত মূল্য সন্দৰ্ভত ভাষণত ক’লে যে ইয়াত হ্ৰাস পাইছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মন্দাৱস্থা হৈছে। তেওঁৰ এই ভাষণ ৰাজ্যসভাত উপস্থিত কেইজনমান লোকে যথেষ্ট পছন্দ নকৰিলে বাবে তেওঁলোকে পাছফালে শুয়ে থাকিল। সূত্ৰ অনুসৰি দক্ষতা উন্নয়ন মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে তেতিয়ালৈ শুই থাকিল যেতিয়ালৈ পাছফালৰ পৰা কোনোবাএজনে জগাই দিয়া নাছিল। ইফালে বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰো মাজে মাজে পৰিল টোপনিৰ জালত।

    ইয়াৰ কিছু সময়ৰ পিছতে টুইটাৰত বহু লোকে ৰাজ্যসভাত শুই থকা সাংসদগৰাকীৰ ওপৰত নিৰ্মাণ কৰি উলিয়ালে Memes। এজন ইউজাৰে লিখিলে, ‘নিৰ্মলা জী পাৰ্লিয়ামেণ্টত আপোনাৰ ভাষণ ইমান আকৰ্ষণীয় হৈছে যে আপোনাৰ লগত থকা মন্ত্ৰী শুয়ে গৈছে। বৃদ্ধিৰ দৰ হ্ৰাস হৈছে কিন্তু মন্দাৱস্থা হোৱা নাই। আন এজনে লিখিলে, ‘বৃদ্ধি দৰ শুই আছে।’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং