15 C
Guwahati
Tuesday, January 25, 2022
More

    গুৱাহাটীত পুনৰ দুখন ঠাই কণ্টেইনমেণ্ট জ’ন ঘোষিত

    কণ্টেইনমেণ্ট জ’নৰ তালিকাত অন্তৰ্ভুক্ত হ’ল গুৱাহাটীৰ আৰু দুখনকৈ ঠাই। আজি দিনৰ ১২ বজাৰ পৰা দুয়োখন ঠাইতে কাৰ্যকৰী এই নিৰ্দেশনা।
    নতুনকৈ কণ্টেইনমেণ্ট জ’ন ঘোষিত হোৱা ঠাই দুখন হৈছে বৰবাৰী আৰু জাপৰীগোগৰ আজানপীৰ পথ।

    এই দুয়োটা অঞ্চলৰ পৰা মহামাৰী ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰা পিছতে এই সিদ্ধন্ত লয় প্ৰসাশনে। অঞ্চলটোৰ অন্য লোক সকলৰ সুৰক্ষাৰ বাবেই এই সিদ্ধান্ত। আজি দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা গুৱাহাটী প্ৰসাসনৰ। পৰৱৰ্তী ১৪টা দিনৰ বাবে এই অঞ্চলটোৰ পৰা কোনেও বাহিৰ ওলাই যাব নোৱাৰিব। তথা কোনো অন্য লোক বাহিৰ পৰা আহিব নোৱাৰিব।

    জাপৰীগোগ কণ্টেইনমেণ্ট জ’নটোৰ সীমা নিৰ্ধাৰণ কৰা হৈছে উত্তৰে নুৰুল ইছলামৰ বাসগৃহ। দক্ষিণে আজানপীৰ পথ। পূৱে মহম্মদ ছাদুল্লাৰ বাসগৃহ আৰু পশ্চিমে বিতোপন বড়োৰ বাসগৃহ।

    আনহাতে বৰবাৰী কণ্টেইনমেণ্ট জ’নটোৰ সীমা নিৰ্ধাৰণ কৰা হৈছে উত্তৰে বিষ্ণু নগৰ পথ, দক্ষিণে বেনু সিন্হাৰ বাসগৃহ। পূৱে চিতাংশু সিন্হাৰ বাসগৃহ আৰু পশ্চিমে লক্ষ্যনাথ পাতিৰৰ বাসগৃহ।

    Photo Credit: Twitter (Representative image)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং