তিনিচুকীয়াৰ চিৰাপত্তীত দিন-দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড। সঞ্জীৱ কোঁৱৰ নামৰ এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ২ লাখ টকা। ২ দুৰ্বৃত্ত বাইকত আহি টকাখিনি ৰাজপথৰ পৰা থপিয়াই লৈ গৈছিল লোকজনৰ পৰা।

পেচাত চাহ ব্যৱসায়ী ভুক্তভোগী লোকজনে তিনিচুকীয়াৰ ইউনাইটেড বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি। CCTV বন্দী হৈছে সমগ্ৰ দৃশ্য।

ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।