30 C
Guwahati
Wednesday, October 5, 2022
More

    পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা, এল্ট’ আৰু পেট্ৰ’ল টেংকাৰৰ মুখামুখি সংঘৰ্ষ

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজন লোক। আহত লোকদুজনক ততালিকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে

    নগাঁৱৰ পুৰণিগুদামৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন এল্ট’ আৰু পেট্ৰ’ল টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজন লোক। আহত লোকদুজনক ততালিকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ পৰা অৰুণাচললৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত এল্ট’খন।

    আনহাতে দুৰ্ঘটনা সংঘটিত কৰা পেট্ৰ’ল টেংকাৰখন আৰু চালকজনক উপস্থিত আৰক্ষীয়ে থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত চালকজনক সোধা পোছা অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং