27 C
Guwahati
Friday, September 30, 2022
More

    নকল সোণৰ মূৰ্তি বিক্ৰী কৰাৰ অভিযোগত ২ ভণ্ড বাবা গ্ৰেপ্তাৰ

    ধৃত লোকদুজনৰ নাম মণি আলম আৰু আফিল উদ্দিন। এটা সোণৰ মূৰ্তিৰ বাবদ ৩ লাখ টকা দিলে প্ৰতি সপ্তাহত দুটাকৈ মূৰ্তি হ'ব বুলি আশ্বাস দিছিল লম্পট বাবা দুজনে

    দক্ষিণ শালমৰাত দুই ভণ্ড বাবা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বালডোবা অঞ্চলৰ একাংশ লোকক নকল সোণৰ মূৰ্তি বিক্ৰী কৰিছিল ধৃতদ্বয়ে। মা লক্ষ্মীৰ মূৰ্তিৰ হাত ভাঙি ইছলাম ধৰ্মৰ মা ফাতেমা বুলি কৈ ধন লুটিছিল একাশংৰ পৰা।

    ধৃত লোকদুজনৰ নাম মণি আলম আৰু আফিল উদ্দিন। এটা সোণৰ মূৰ্তিৰ বাবদ ৩ লাখ টকা দিলে প্ৰতি সপ্তাহত দুটাকৈ মূৰ্তি হ’ব বুলি আশ্বাস দিছিল লম্পট বাবা দুজনে। অঞ্চলটোৰ ঘৰৰ চোতালত মূৰ্তি ৰাখি মোবাইল ফোনেৰে চলাইছিল এই অপকৰ্ম। মাটিৰ তলত পুতি থলে এটা মূৰ্তিৰ পৰা দুটা মূৰ্তি হ’ব বুলি প্ৰলোভন দিছিল ভণ্ড বাব দুজনে।

    ইছলাম ধৰ্মত কোনো মূৰ্তি নাই তাৰ পিছতো এইদৰে অপকৰ্ম চলাই যাবলৈ গৈ ধৰা পৰিল দুয়ো। প্ৰায় ডেৰ মাহত ৮ জন লোকৰ পৰা প্ৰায় ১০ লাখ টকা লুটিছিল দুয়োয়ে। এই চক্ৰটোৰ লগত আৰু কেইবাজনো লোক জড়িত হৈ থকা বুলি সন্দেহ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং