13.9 C
Guwahati
Tuesday, January 25, 2022
More

    যুৱতীৰ ফটো বিকৃত কৰি অশ্লীল ৰূপ দি ফেচবুকত ভাইৰেল কৰা ২ লম্পট গ্ৰেপ্তাৰ

    যুৱতীৰ ফটো বিকৃত কৰি অশ্লীল ৰূপ দি ফেচবুকত ভাইৰেল কৰা ২ লম্পটক গ্ৰেপ্তাৰ কৰে পানবজাৰ মহিলা আৰক্ষীয়ে।

    ফেচবুকত ফটো ভাইৰেল কৰি যুৱতীৰ পৰা ধন বিচাৰি ব্লেকমেইলিং কৰি আহিছিল এই ২জন যুৱকে।

    কিছুদিন পূৰ্বে গুৱাহাটীৰ এগৰাকী যুৱতীৰ ফটো অশ্লীল ৰূপ দি ধন দাবী কৰাত যুৱতীগৰাকীয়ে ২৬ জুনত পানবজাৰ থানাত এটা গোচৰ ৰুজু কৰিছিল।

    গোচৰ নম্বৰটো হ’ল 74/2020, IPC section 67(A) IT act ।

    ইতিমধ্যে পানবজাৰ থানাৰ SI পল্লৱী শইকীয়াসহ এটা দলে বঙাইগাঁও আৰু বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক।

    কালিচৰণ শৰণীয়া আৰু সমৰ সিং ৰাভা নামৰ লম্পট দুটাই বহু দিনৰ পৰা এনেদৰে ছচিয়েল মিডিয়াত যুৱতীৰ ফটো অশ্লীল ৰূপ দি বহু যুৱতীক হাৰাশাস্তি কৰি আহিছিল।

    অৱশেষত মহানগৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰি পানবজাৰলৈ লৈ যায় অভিযুক্ত দুজনক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং