17.2 C
Guwahati
Saturday, December 3, 2022
More

    বহিঃৰাজ্যত ১৭ লাখ টকাসহ আটক অসমৰ ২ যুৱক

    বংগ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ অসম বংগ সীমান্তৰ পাকৰিগুৰিত তালাচী চলাই দুই যুৱকক আটক কৰে

    লক্ষাধিক টকাসহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ধৰা পৰিছে অসমৰ দুই যুৱক। অসম-বংগ সীমান্তৰ আলিপুৰদুৱাৰত ১৭ লাখ টকাৰ লগত হাতে লোটে ধৰা পৰিছে যুৱক দুজন। আটক হোৱা যুৱক দুজন অসমৰ বৰপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে যদিও অদ্যপি নাম প্ৰকাশ কৰা নাই বংগ আৰক্ষীয়ে।

    নিশাৰ ভাগত বংগ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ অসম বংগ সীমান্তৰ পাকৰিগুৰিত তালাচী চলাই দুই যুৱকক আটক কৰে। বংগৰ কুমাৰগ্ৰাম থানাৰ আৰক্ষীয়ে এখন চাৰি চকীয়া বাহনত তালাচী চলোৱাত এই বৃহৎ অংকৰ টকা বাহনখনৰ পৰা উদ্ধাৰ হয়। বাহনখনত থকা ২ যুৱকে টকাখিনি ক’ৰ পৰা অনা হৈছে আৰু কিহৰ টকা তাৰ কোনো সুদুত্তৰ দিব নোৱাৰাত দুয়োকে আটক কৰি সম্প্ৰতি কুমাৰগ্ৰাম থানাত আনি সোধা-পোছা অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং