27 C
Guwahati
Wednesday, October 13, 2021
More

    আৰক্ষীৰ বৃহৎ সফলতা, ২ কোটি ২০ লাখ টকাৰ নকল নোট উদ্ধাৰ

    নকল টকাসহ আৰক্ষীয়ে আটক কৰে ১২জনক

    হাজাৰ-লাখৰ ঘৰত নহয় একেবাৰে কোটিৰ ঘৰত উদ্ধাৰ নকল নোট। ২ কোটি ২০ লাখ নকল নোট উদ্ধাৰ কৰিবলৈ সক্ষম আৰক্ষী। এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ ফালাকাটাত। নকল টকাসহ আৰক্ষীয়ে আটক কৰে ১২জনক।

    শনিবাৰে নিশাৰভাগত ফালাকাটা আৰক্ষীয়ে আটক কৰে লোক কেইজনক। ইয়াৰে পাঁচজন তেলেঙ্গানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বেংক বিষয়াই টকা সমুহ ভালদৰে পৰীক্ষা কৰি নকল টকা বুলি জনায়।

    অভিযুক্ত কেইজনৰ বিৰুদ্ধে ফেক কাৰেন্সি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আনহাতে তদন্তৰ গোপনীয়তাৰ বাবে আটকাধিন লোক কেইজনৰ নাম প্রকাশ কৰা নাই আলিপুৰদুৱাৰৰ এছপি অমিতাভ মাইতিয়ে।

    Inputs: Biswajit Chaudhury , Photo Credit: Hindustan Times

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং