31 C
Guwahati
Wednesday, September 28, 2022
More

    UN ASIA PACIFIC CLIMATE WEEK 2019ত অংশগ্ৰহণ অসম সন্তানৰ

    ভাৰতৰ হৈ অংশগ্ৰহণ কৰে অসমৰ চাওঁ হেমজিত দেওধাই ফুকন আৰু শ্ৰী পাৰ্থ হাজৰিকাই

    থাইলেণ্ডৰ বেংককৰ UNESCAPত অনুষ্ঠিত হোৱা UN ASIA PACIFIC CLIMATE WEEK 2019ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰে অসমৰ চাওঁ হেমজিত দেওধাই ফুকন আৰু শ্ৰী পাৰ্থ হাজৰিকাই। ২ ছেপ্টেম্বৰ পৰা ৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছিল এই UN ASIA PACIFIC CLIMATE WEEK 2019।

    বৰ্তমান সময়ত বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ লগতে গ্ৰাস কৰিছে গোলকীয় উষ্ণতায়ো। ২০১৯ চনত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে উষ্ণতাই। প্ৰায় ৪৮ ডিগ্ৰীলৈকে তাপমাত্ৰা হৈছেগৈ ভাৰতৰ ৰাজধানী দিল্লীত।

    উল্লেখ্য যে হেমজিত গুৱাহাটীৰ আই আই টিৰ পৰা Development Studiesত Masters degree পাছ কৰাৰ পিছত বৰ্তমান Climate, Solid Waste Management & Parmenent solution of flood in Assam & Indiaৰ বিষয়ত কামৰ লগতে গৱেষণা কৰি আছে দেওধাই ফুকনে। আনহাতে পাৰ্থ হাজৰিকাই ৰাজস্থানৰ পৰিবেশ আৰু পানীৰ সমস্যৰ ওপৰত কৰি আছে কাম। দুয়োজনৰে ঘৰ অসমৰ দুলীয়াজানত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং