26 C
Guwahati
Wednesday, September 28, 2022
More

    গুৱাহাটীত বৈন্যপ্ৰাণীৰ অংগসহ ২জন গ্ৰেপ্তাৰ

    বৰ্তমানেও লোক দুজনৰ পৰা গঁড়ৰ খৰ্গ আৰু অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হোৱা নাই অভিযানাৰী দলটোৱে

    মহানগৰীৰ লখৰাচাৰিআলিত বৈন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াই আজি যুটীয়াভাৱে অভিযান চলাই বৈন্য প্ৰাণীৰ অংগসহ দুজন গ্ৰেপ্তাৰ কৰে। এই অভিযানত জব্দ বৃহৎ পৰিমানৰ বাঘৰ হাড়, দাঁত আৰু মূৰ আৰু অন্যান সামগ্ৰী।

    ধৃতদ্বয়ৰ নাম ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান। ধৃত দুয়োৰে ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত। জব্দকৃত সামগ্ৰীখিনি লাহৰীঘাটৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্য আনিছিল। যাত্ৰাবাহী বাছত আনিছিল সামগ্ৰীখিনি। জব্দকৃত সামগ্ৰীখিনিৰ মূল্য কেইবালক্ষাধিক বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে।

    ধৃত লোকদুজনক আৰক্ষীৰ জেৰা অব্যাহত। বৰ্তমানেও লোক দুজনৰ পৰা গঁড়ৰ খৰ্গ আৰু অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হোৱা নাই অভিযানাৰী দলটোৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং