সদনত দাখিল ২০২০ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট। দিনৰ ১১ বজাত দাখিল কৰে এই বাজেট। হালধীয়া শাৰি পৰিধান কৰি হাতত ৰঙা ৰঙৰ বেগত লৈ আহিল এইবৰ্ষৰ বাজেট। এইবাৰৰ বাজেটত মধ্যবিত্ত আৰু দৰিদ্ৰসকলৰ বাবে সুখবৰ। সবকা সাথ সবকা বিকাশ মূল মন্ত্ৰ।
এইবাৰৰ বাজেটত তিনিটা আধাৰ। বাজেটত অন্তোদয়ৰ ওপৰত গুৰুত্ব। আশা-বিকাশ আৰু সকলোৰে ওপৰত গুৰুত্ব। ২০২২ৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য। কৃষকসকৰ বাবে নতুন ‘কুসুম’ আঁচনি। ১০০ খন জিলাত পানী যোগানৰ নতুন আঁচনি। ১৫ লাখ কৃষকৰ বাবে সৌৰশক্তি যোগানৰ সিদ্ধান্ত। বিশেষ ৰে’ল সেৱাৰো ব্যৱস্থা কৃষকসকৰ বাবে। মৎস্য পালক সকলৰ বাবে সাগৰ মিত্ৰ যোজনা। কৃষকৰ বাবে নতুন ক্ৰেডিড কাৰ্ডৰো ব্য়ৱস্থা।
এইবাৰৰ বাজেটত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা হৈছে। জনতাৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এইবাৰৰ বাজেট। নাৰী সৱলীকৰণ এই বাজেটৰ মূল লক্ষ্য। গাঁৱৰ মহিলাসকলৰ বাবে ‘ধন লক্ষ্মী’ যোজনা এই বাজেটত।
শিক্ষাৰ ক্ষেত্ৰতো মুকলি কৰিলে বহু আঁচনি। প্ৰতিখন জিলাতে স্থাপন কৰা হ’ব মেডিকেল কলেজ। ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় ন্যায়িক বিজ্ঞান বিশ্ববিদ্যালয়ো স্থাপন কৰাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে এই বাজেটত। দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে থাকিব অনলাইন শিক্ষাৰ ব্যৱস্থা।
দেশত নতুনকৈ ৫খন চহৰক স্মাৰ্ট চিটি কৰাৰ সিদ্ধান্ত। কৌশল বিকাশৰ বাবেও ৩০০০ কোটি টকা ধাৰ্য।
স্বাস্থ্যৰ ক্ষেত্ৰতো লৈছে বহু সিদ্ধান্ত। আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ২০ হাজাৰ নতুন বিশ্ববিদ্যালয় সংযুক্ত। ফৰেনচিক বিশ্ববিদ্যালয়ো স্থাপনৰ সিদ্ধান্ত। ২০২৫ৰ ভিতৰত ভাৰতৰক যক্ষ্মামুক্ত কৰাৰ সিদ্ধান্ত। ইন্দ্ৰধনুষ আঁচনিতো দিয়া হৈছে অধিক প্ৰসাৰতা।
Photo Credit: Twitter.com