30 C
Guwahati
Wednesday, October 27, 2021
More

    ‘অসমৰ নাইটিংগেল’ চিৰদিনলৈ গুচি যোৱা এটা বছৰ সম্পূৰ্ণ; ৰাজ্যজুৰি স্মৰণ

    ১৯৬৯ চনত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল দিপালী বৰঠাকুৰে

    সোণৰ খাৰু নালাগে মোক, জোনধনে জোনালীতে, বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, চেনাই মই যাও দেই.. আদি বহুতো কালজয়ী গীতেৰে অসমৰ সংগীত জগতত সোণালী আখৰেৰে নাম লিখি থৈ যোৱা ‘অসমৰ নাইটিংগেল’ খ্যাত দিপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। চকুৰ পলকতে গুচি গ’ল দিপালী বাইদেউ বিহীন এটা বছৰ। নিজা সুললিত কণ্ঠৰে অসমৰ সংগীত জগতক স্বকীয় মাত্ৰা প্ৰদান কৰা দিপালী বৰঠাকুৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ কৰিছে অসমবাসীয়ে।

    ১৯৪১ চন শিৱসাগৰৰ সোণাৰিৰ নীলমনি বাগিচাত জন্মগ্ৰহণ কৰিছিল দীপালী বৰঠাকুৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম বিশ্বনাথ বৰঠাকুৰ আৰু আইমণি বৰঠাকুৰ৷ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দিপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে৷ ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

    ১৯৪৭ চনত মইনামেলত গীত পৰিৱেশনৰ যোগেদি সংগীতৰ যাত্ৰা আৰম্ভ কৰা দিপালী বৰঠাকুৰে ১৯৬৯ চনত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল। এইখিনি সময়তে কণ্ঠশিল্পীগৰাকী মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবৰ বাবেও হুইল চেয়াৰৰ আশ্ৰয় লবলগীয়া হয়। তেওঁ কণ্ঠ নিগৰোৱা গীতৰ সংখ্যা কম যদিও আটাইকেইটি গীতেই চিৰসেউজ আৰু মানুহৰ হৃদয়ত বিশেষভাৱে স্থান দখল কৰি আছে।

    ২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সকলোকে শোক সাগৰত পেলাই শেষ নিশ্বাস ত্যাগ কৰে। কায়িকভাৱে দিপালী বৰঠাকুৰ আমাৰ মাজত নাথাকিলেও সংগীতেৰে তেওঁ চিৰদিন জীয়াই থাকিব আমাৰ মাজত। Time8ৰ তৰফৰ পৰা দিপালী বৰঠাকুৰৰ প্ৰথম মৃত্যুবাৰ্ষিকীত যাঁচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।

    Photo Credit: India Tv

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং