30 C
Guwahati
Wednesday, October 5, 2022
More

    বৰপেটাত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, বাগৰি পৰিল পথৰ দাঁতিত

    দুৰ্ঘটনাৰ ফলত আহত বাছখনৰ ১৬গৰাকীকৈ যাত্ৰী, ইয়াৰ ভিতৰত ৩জনৰ অৱস্থা গুৰুতৰ

    বৰপেটা জিলাৰ বাৰাদিত পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে যাত্ৰীবাহী বাছ। এখন বাইক আগত আহি পৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে লুটি বাগৰি পৰে AS 15C 5181 নম্বৰৰ যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাৰ ফলত আহত বাছখনৰ ১৬গৰাকীকৈ যাত্ৰী, ইয়াৰ ভিতৰত ৩জনৰ অৱস্থা গুৰুতৰ।

    আহত আটাইকেইজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় বৰপেটা চিকিত্সা মহাবিদ্যালয় হাস্পতালত। গুৰুতৰভাৱে আহত কেইজন ক্ৰমে বহৰিৰ হাবি ৰাধাকুছি গাঁৱৰ চাহেৰা বেগম, বৰপেটা ভকতপাৰাৰ অঞ্জু দাস আৰু দক্ষিণ চাপৰা গাঁৱৰ ৰেহেনা খাতুন বুলি পৰিচয় লাভ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং