29 C
Guwahati
Monday, October 25, 2021
More

    শচীন তেণ্ডুলকাৰৰ জন্মদিনত তেওঁৰ ১৫টা ৰোমাঞ্চকৰ কথা

    ক্ৰিকেটাৰ নহয় টেনিচ খেলুৱৈহে হ'ব বিচাৰিছিল ক্ৰিকেটৰ ভগৱানে !

    ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আজি ওপজা দিন।১৯৭৩ চনত মহাৰাষ্ট্ৰৰ মু্ম্বাইত জন্মগ্ৰহণ কৰিছিল শচীন তেণ্ডুলকাৰে। আজি ৪৭ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱানে। প্ৰতিজন শচীনপ্ৰেমীয়ে ওপজাদিনৰ হিয়াভৰা ওলগ জনাইছে শচীন তেণ্ডুলকাৰলৈ।ইতিমধ্যে ক্ৰিকেটৰ পথাৰখনক চিৰবিদায় জনোৱা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জন্মদিনত কেইটিমান ৰোমাঞ্চকৰ কথা তলত উল্লেখ কৰা হ’ল-

    ১)শচীনৰ সম্পূৰ্ণ নাম শচীন ৰমেশ তেণ্ডুলকাৰ।শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰ আছিল প্ৰখ্যাত মাৰাঠী কবি-ঔপন্যাসিক।

    ২)পিতৃ ৰমেশ তেণ্ডুলকাৰ ভাৰতৰ প্ৰখ্যাত সংগীত পৰিচালক শচীন দেৱ বৰ্মনৰ ভীষণ অনুৰাগী আছিল। শচীন দেৱ বৰ্মনৰ নাম অনুসৰিয়েই তেওঁ পুত্ৰৰ নাম ৰাখিলে শচীন।

    ৩)শচীনে পাকিস্তানৰ বিৰুদ্ধে ১৯৮৯চনৰ ১৫নৱেম্বৰত টেষ্ট অভিষেক ঘটায়। উক্ত বৰ্ষৰে ১৮ ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াৰো অভিষেক ঘটায় শচীনে।

    ৪)১৯৮৭ চনৰ বিশ্বকাপৰ ছেমিফাইনেল অনুষ্ঠিত হৈছিল মুম্বাইৰ ৱাংখেড় ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত। এই ছেমি ফাইনেল খেলখনত কিশোৰ শচীনে বাউণ্ডেৰী লাইনৰ বাহিৰত ‘বল বয়’ হিচাপে আছিল।

    ৫)১৯৮৮চনৰ কথা।তেতিয়াও আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা নাই শচীন তেণ্ডুলকাৰৰ। ১৯৮৮ চনত ভাৰত ভ্ৰমণ কৰে পাকিস্তানৰ ক্ৰিকেট দলটোৱে।পাকিস্তানৰ ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে অংশগ্ৰহণ কৰা এখন প্ৰেক্টিছ মেছত শচীন তেণ্ডুলকাৰে পাকিস্তান দলটিৰ হৈ ফিল্ডিং কৰিছিল।

    ৬)খেলপথাৰত নমাৰ আগতে শচীনে সদায় প্ৰথমতে বাওঁ ভৰিত পেড পিন্ধিছিলে।প্ৰথমতে বাওঁ ভৰিত পেড পিন্ধি খেলিলে সফলতা লাভ কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।

    ৭)শচীন গণেশৰ পৰম ভক্ত। যেতিয়াই সুযোগ সুবিধা পাই তেতিয়াই তেওঁ গণেশ মন্দিৰলৈ যায়। তদুপৰি শচীনে ক্ৰিকেট কীটটোত সদায়েই গণেশৰ ছবি ৰাখিছিলে।

    ৮)সৰুতে উৎপতীয়া আছিল শচীন। এবাৰ তেওঁ গছৰ ওপৰৰ পৰা পৰোতে ককায়েক অজিতৰ খং উঠাত ক্ৰিকেটৰ কছিং চেণ্টাৰত নামভৰ্তি কৰাই দিছিল যাতে উৎপাত কমে। তেতিয়াই যেন ভাগ্য উদয় হ’ল ক্ৰিকেটৰ ভগৱানৰ।

    ৯)শচীনৰ টোপনিত খোজকঢ়াৰ বেমাৰ আছে। টোপনিত তেওঁ আনকি কথাও কৈ থাকে।

    ১০)শচীন টেনিছ খেলুৱৈ জন মেকনৰৰ বহুত ডাঙৰ ফেন আছিল। ক্ৰিকেটতকৈ তেওঁ টেনিছহে ভাল পাইছিল আৰু এজন টেনিছ খেলুৱৈহে হ’ব বিচাৰিছিল কিন্তু ভাগ্যই লিখি থৈছিল তেওঁৰ জীৱনত অন্য অধ্যায়।

    ১১) ক্ৰিকেটত শচীন হ’ব বিচাৰিছিল বলাৰ কিন্তু প্ৰশিক্ষক ডেনিচ লিলিয়ে শচীনৰ উচ্চতা কম বাবে বেটছমেন হোৱাৰ পৰামৰ্শ আগবঢ়ায় আৰু বাকীখিনি এতিয়া ইতিহাস।

    ১২)শচীনে সৌৰভ গাংগুলীক বাবু মচাই বুলি মাতিছিল আৰু সৌৰভ গাংগুলীয়ে শচীনক মাতিছিল ছৌটা বাবু বুলি।

    ১৩) জীৱনৰ ২১ বছৰ বয়সতে ৬ বছৰ ডাঙৰ প্ৰেয়সী অঞ্জলীৰ সৈতে শচীন বিবাহপাশত আৱদ্ধ হৈছিল। শচীন খেলপথাৰত যেতিয়াই নামে তেতিয়াই পত্নী অঞ্জলী উপবাসে থাকে।

    ১৪)শচীন তেণ্ডুলকাৰেই ভাৰতৰ প্ৰথম আৰু একমাত্ৰ খেলুৱৈ যিয়ে জীৱনৰ প্ৰথম ৰঞ্জী, দিলীপ আৰু ইৰাণী ট্ৰফী মেছত শতক অৰ্জন কৰিছিল।

    ১৫)শচীন তেণ্ডুলকাৰেই ভাৰতৰ একমাত্ৰ খেলুৱৈ যাক ৰাজীৱ গান্ধী খেল ৰত্ন, অৰ্জুন পুৰস্কাৰ, পদ্ম বিভূষণ আৰু ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং