26 C
Guwahati
Thursday, September 29, 2022
More

    আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ সময়ত বিস্ফোৰণ, ১৫জন আহত

    তালিবানে ভোটদান প্ৰক্ৰিয়াৰ পৰা দূৰত থাকিবলৈ ভাবুকি প্ৰদান কৰিছিল

    ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আফগানিস্তানত আজি অৰ্থাৎ শনিবাৰে ভোটদান। ভোটদানৰ সময়ত এটা ভোটকেন্দ্ৰত বিস্ফোৰণ। এই বিস্ফোৰণত ১৫ গৰাকী লোক আহত। উল্লেখ্য যে আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনত অছৰফ গনী আৰু আব্দুল্লা-আব্দুল্লাৰ মাজত প্ৰতিদ্বন্দ্বিতা।

    আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তালিবানৰ সৈতে আলোচনা সমাপ্ত কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আফগানিস্তানত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছিল। তালিবানে ভোটদান প্ৰক্ৰিয়াৰ পৰা দূৰত থাকিবলৈ ভাবুকি প্ৰদান কৰিছিল। ইয়াকে লক্ষ্য কৰি তালিবানী সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দিবলৈ আফগানিস্তানত ১০ হাজাৰ সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছিল।

    photo Credit: 121private.home.blog

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং