27 C
Guwahati
Monday, October 3, 2022
More

    ক্লাৰ্কৰ এটা ভুলৰ বাবে এজন লোকে জিকিলে ১৫ কোটি টকাৰ লটাৰী

    আপোনালোকেটো এইটো কথা জানেই যে কোনো লোকে যদি লটাৰীত জয়ী হয় তেন্তে তেওঁক কোৱা হয় ভাগ্যৱান।

    যদি কোনোৱে যদি ভুল টিকটত লটাৰী জিকে তেন্তে তেওঁক কি বুলি ক’ব।

    সেইজনক কোৱা হয়, ভগৱানে যেতিয়া দিয়ে হৃদয় খুলি দিয়ে।

    হয়, এজন লোকক ক্লাৰ্কে ভুল টিকট দিয়ে আৰু তাৰ পিছতে তেওঁ ১৫ কোটি টকাৰ লটাৰী জিকিবলৈ সক্ষম হয়।

    গল্ফ নিউজে কোৱা অনুসৰি, এই ঘটনাটো আমেৰিকাৰ মিছিগানৰ।

    ৫৭ বছৰৰ এজন লোকে পত্নীৰ ট্ৰাকৰ গেছ ভৰাবলৈ গৈছিল আৰু যাৰ বাবে তেওঁ মিছিগানৰ ইষ্টপইণ্টস্থিত এটা গেছ ষ্টেচনত ৰখিছিল।

    লোকজনে ক’লে যে তেওঁ চেঞ্জ লব’লৈ ষ্টেচনৰ ক্লাৰ্কৰ ওচৰলৈ গৈছিল।

    তাত লোকজনে ক্লাৰ্কজনক ১০ ডলাৰৰ ৭ কে Scratch off টিকট দিবলৈ কয়।

    লোকজনে ক’লে যে টিকট লোৱাৰ সময়ত ভুলতে ক্লাৰ্কজনে ২০ ডলাৰৰ টিকট প্ৰদান কৰে।

    ক্লাৰ্কজনে মোৰ পৰা টিকটটো সলনি কৰাৰ কথাও কৈছিল কিন্তু কেইজনমান লোকে মোক এইটো ৰাখিব দিলে।

    পিছত মই সেই টিকটটোৱে লৈ ঘৰলৈ উভতিলো।

    ইয়াৰ পিছত যেতিয়া মঙলবাৰে লটাৰীৰ ফলাফল ঘোষণা কৰে মোৰ ২ মিলিয়ন ডলাৰৰ লটাৰী লাগে যিটো ভাৰতীয় টকা হিচাপত হ’ব ১৫ কোটি টকা।

    লোকজনে ক’লে মই সুখী কাৰণ সেইদিনা মই টিকটটো ৰখাৰ সিদ্ধান্ত কৰিছিলো আৰু এই টিকটটোৱে মোক ধনী কৰিলে।

    লোকজনে নিজৰ নামটো নকলে। ইফালে লোকজনক এই বুলি প্ৰশ্ন সোধাত যে তেওঁ এই ধনৰাশিৰ কি কৰিব?

    তেতিয়া লোকজনে ক’লে মই এটা নতুন ঘৰ ক্ৰয় কৰিব বিচাৰো আৰু এটা মোৰ ডাঙৰ সপোন।

    তেওঁ লটাৰী জিকি যথেষ্ট ভাগ্যৱান হৈছে।

    Photo Credit: Fortune

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং