26 C
Guwahati
Friday, October 7, 2022
More

    কৰ’ণা ভাইৰাছত আক্ৰান্ত CISFৰ ১৫জন জোৱান

    কৰ্তব্যৰত অৱস্থাত থকা CISFৰ মুঠ ১৪২ জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল

    সমগ্ৰ বিশ্ব এতিয়া কঁপিছে কৰ’ণা ভাইৰাছৰ আতংকত। ভাৰততো প্ৰতি মূহূৰ্তে মূহূৰ্তে বাঢ়িছে কৰ’ণা ভাইৰাছত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰ মাজতে আহিছে আৰু এক দুঃখবৰ। কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে CISF ৰ ১৫গৰাকীকৈ জোৱান। এই জোৱানকেইজন মুম্বাই বিমান বন্দৰত কৰ্মৰত আছিল।

    তাৰে ভিতৰত বৃহস্পতিবাৰে ৪ জনৰ দেহত আৰু শুকুৰবাৰে ১১ জনৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত থকা CISFৰ মুঠ ১৪২ জন জোৱানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।তাৰে ভিতৰত সম্প্ৰতি ১৫জনৰ দেহত ধৰা পৰিছে কৰ’ণা আৰু আক্ৰান্ত জোৱানৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

    Photo Credit: Deccan Herald

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং