26 C
Guwahati
Thursday, September 22, 2022
More

    জঘন্য! ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত যুৱক

    সম্প্ৰতি লম্পট বাবুল লস্কৰ হোজাই আৰক্ষীৰ জিম্মাত। হোজাই আৰক্ষীয়ে বাবুলক জেল হাজোতলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে

    হোজাইত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল এজন যুৱক। ধৃত যুৱকজনৰ নাম বাবুল লস্কৰ। হোজাই কলেজৰ সমীপত থকা নুৰ আহমেদ লস্কৰ নামৰ এজন লোকৰ ঘৰত থকা সম্পৰ্কীয় এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে ধৃত যুৱকজনে।

    পৰৱৰ্তী সময়ত নুৰ আহমেদৰ এজাহাৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে বাবুল লস্কৰক গ্ৰেপ্তাৰ কৰে আৰু কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। সম্প্ৰতি লম্পট বাবুল লস্কৰ হোজাই আৰক্ষীৰ জিম্মাত। হোজাই আৰক্ষীয়ে বাবুলক জেল হাজোতলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং