25 C
Guwahati
Thursday, October 21, 2021
More

    ৰৈ থকা ট্ৰাকত খুন্দা;থিতাতে নিহত ১৪জন যাত্ৰী

    ৩৫জন যাত্ৰী আহত, ১৩জনৰ অৱস্থা সংকটজনক

    উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত আগ্ৰা–লক্ষ্ণৌ এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা প্ৰায় ১০ বজাত এখন যাত্ৰীবাহী বাছে এখন ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাত থিতাতে নিহত হয় ১৪জন লোক। আন ৩৫জন যাত্ৰী আহত হয় এই দুৰ্ঘটনাত। বাছখনত আছিল প্ৰায় ৫০ জন যাত্ৰী। দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে এই শোকাৱহ পথ দুৰ্ঘটনাটি সংঘটিত হয়।

    আহতসকলক স্থানীয় লোকে ততালিকে ভৰ্তি কৰায় হাস্পতালত। ইয়াৰ ভিতৰত ১৩জনৰ অৱস্থা সংকটজনক। জানিব পৰা মতে, যাত্ৰীবাহী বাছখন দিল্লীৰ পৰা বিহাৰৰ মতিহাৰীলৈ গৈ আছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক তথা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহত সকলৰ উন্নত চিকিৎসাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

    Photo Credit:hindustantimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং