30 C
Guwahati
Wednesday, October 27, 2021
More

    মেট্ৰিক পৰীক্ষা দি উঠি পাৰ্টী কৰাৰ নামত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা ৭ নৰপিশাচ কিশোৰৰ ২জন গ্ৰেপ্তাৰ

    গ্ৰেপ্তাৰ হোৱা দুই পাষণ্ড হৈছে উমেশ পাতিৰি আৰু ভাস্কৰ মেধী

    যোৱা শুকুৰবাৰে গহপুৰত সংঘটিত হৈছিল এক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ জঘন্য কাণ্ড। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ ১নং চকলাত ৭জন নৰপিশাচে একেখন গাঁৱৰে ১২ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

    ঘটনা সংঘটিত কৰি সেই ৭ নৰপিশাচ পলাতক অৱস্থাত আছিল। আজি পুৱাৰ সময়ত আৰক্ষীয়ে তাৰে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা দুই পাষণ্ড হৈছে উমেশ পাতিৰি আৰু ভাস্কৰ মেধী। গহপুৰ আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে বাকী ৫ জনকৈ নৰপিশাচৰ অভিযান।

    উল্লেখ্য যে শুকুৰবাৰে মেট্ৰিক পৰীক্ষাৰ শেষ হোৱাৰ বাবে নিশা পাৰ্টী কৰিছিল কিশোৰৰ দলটোৱে। কিশোৰী গৰাকীক ঘৰৰ পৰা মাতি নিছিল দলটোৱে খানা খাবলৈ। নিশাৰ সেই সুযোগতে নৰপিশাচ কেইটাই কাষৰে এখন হাবিৰ মাজলৈ কিশোৰীগৰাকীক নি উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰে।

    ঘটনাটো গাপ দিবলৈ নৰপিশাচকেইটাই কিশোৰীগৰাকীৰ মৃতদেহ হাবিৰ গছত ওলমাই ৰাখি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। পলাতক অৱস্থাত থকা বাকী কেইটা পাষণ্ড হৈছে ক্ৰমে অংকুশ পেগু, মিলনজ্যোতি দলে, বিকাশ পেগু, অজিত পেগু, আৰু লোহিত দলে।

    Photo Credit: Moon Gogoi

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং