26 C
Guwahati
Thursday, June 30, 2022
More

    দেশ জোকাৰি যোৱা গহপুৰৰ ১২ বছৰীয়া কিশোৰী দলৱদ্ধ ধৰ্ষণৰ অভিযুক্তক জামিন

    আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ মাতৃৰ, দোষীক ফাঁচীৰ দাবী

    চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত গহপুৰত সংঘটিত হৈছিল এক দেশ জোকাৰী যোৱা ধৰ্ষণকাণ্ড। গহপুৰৰ ৰজাবাৰীৰ ১নং চকলাত ১২ বছৰীয়া কিশোৰীক ৯ কিশোৰে সংঘটিত কৰিছিল ধৰ্ষণকাণ্ড। পিছে সেই দলৱদ্ধ ধৰ্ষণকাণ্ডৰ তিনিমাহ নৌহওতেই অপৰাধীয়ে পালে জামিন।

    সমগ্ৰ দেশজুৰি ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ বাবে যি জনমত গঢ়ি উঠিছে সেই সময়তে গহপুৰত সংঘটিত হৈছিল এই অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ জঘন্য কাণ্ড। এই জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্তয়ে তিনিমাহ নহওতে জামিন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    ২৮ ফেব্ৰুৱাৰীৰ নিশা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ ১ নং চকলাত ৯টাকৈ নৰপিশাচে একেখন গাঁৱৰ ১২ বছৰীয়া কিশোৰী এগৰাকীক অপহৰন, দলবদ্ধ ধৰ্ষণ আৰু তাৰ পাছত হত্যা কৰি গছত উলোমাই থোৱা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল।

    উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ সেই নিশাটোতেই মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ বাবে নিশা খানা খাইছিল যুৱকৰ দলটোৱে। তাতেই ওচৰৰে কিশোৰী গৰাকীক অপহৰণ কৰি নি নৰপিশাচ কেইটাই কাষৰে এখন হাবিৰ মাজত কিশোৰী গৰাকীক উপযুপৰি ধৰ্ষণ কৰি হত্যা কৰে। ঘটনাটো গাপ দিবলৈ নৰপিশাচ কেইটাই হাবিৰ গছত মৃতদেহ ওলমাই ৰাখি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।

    এই ঘটনাৰ লগত জড়িত ৯ অপৰাধীক ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। কিন্ত ঘটনাৰ তিনিমাহ নহওতে জামিন লাভ কৰিবলৈ সক্ষম হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে এজন অভিযুক্ত অংকুছ মেধিয়ে জামিন লাভ কৰি মুক্ত আকাশৰ তললৈ আহাৰ বিপৰীতে বাকী ৮জন জামিন লাভৰ পথত।

    আনহাতে গহপুৰ আৰক্ষীৰ সোপাধিলা কাম আৰু কেচ ডায়েৰীৰ কাম জমা নিদিয়াৰ বাবেই জামিন লাভ কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। স্থানীয় ৰাইজ, পৰিয়াল বৰ্গয়ে জামিন নামঞ্জুৰ কৰাৰ লগতে দোষীৰ ফাচীৰ দাৱী জনাইছে।

    Photo Credit: @moongogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং