26 C
Guwahati
Thursday, September 29, 2022
More

    NRCত নাম অন্তৰ্ভুক্তিৰ দাবীত আক্ৰাছুৰ ১২ ঘণ্টীয়া অসম বন্ধ, ধৃত ৪ প্ৰতিবাদকাৰী

    শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে আক্ৰাছুই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত

    সদ্য প্ৰকাশিত NRCৰ চুূড়ান্ত তালিকাৰ পৰা বাদ পৰা ভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ বিনাচৰ্তে NRCত অন্তৰ্ভুক্তকৰা, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ১২ ঘণ্টীয়া অসম বন্ধ। শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে আক্ৰাছুই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত।

    তামুলপুৰৰ কুমাৰীকাটাত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই৷ আৰক্ষীয়ে আটক কৰিলে কুমাৰীকাটা আঞ্চলিক আক্ৰাছুৰ সভাপতি দিপক ৰয়সহ ৪জন আক্ৰাছু নেতাক৷ বন্ধ হৈ পৰিছে সকলো দোকান-প্ৰতিষ্ঠানসমূহ।

    গোসাঁইগাঁৱতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। শ্ৰীৰামপুৰত আৱদ্ধ হৈ পৰে যান-বাহন। বন্ধৰ ফলত গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ উপৰি ভাওৰাগুৰি, কচুগাঁও, সাপকাটা, শ্ৰীৰামপুৰ, শিমূলটাপু, তুলসিবিল, ভদেয়াগুৰি আদি অঞ্চলৰ ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান, ডাকঘৰ, বেংক আদি সকলো বন্ধ থকাৰ লগতে পথ, উপ-পথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে। ইফালে কোচ ৰাজবংশী ছাত্ৰসংস্থাৰ বন্ধত স্তব্ধ মৰিগাঁও।
    ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং