26 C
Guwahati
Friday, October 7, 2022
More

    য়েমেনত মিছাইল আৰু ড্ৰোনেৰে মছজিদত আক্ৰমণ, নামাজ পঢ়ি থকা ১০০ জোৱানৰ মৃত্যু

    সেনা সূত্ৰই জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া নামাজ পঢি় থকাৰ সময়ত এটা সেনা শিবিৰত হোথী বিদ্ৰোহীয়ে ১৭০ কিলোমিটাৰ দূৰত্বত মাৰিবত এই আক্ৰমণ কৰে

    য়েমেনৰ মাৰিব সেনা শিবিৰত এটা মছজিদত মিছাইল আৰু ড্ৰোনেৰে কৰা আক্ৰমণত ১০০ জনতকৈও অধিক সেনাৰ মৃত্যু হয় আৰু ১২জনতকৈও অধিক সেনা জোৱান আহত হয়। চিকিত্সক আৰু সেনাৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে। হোথী বিদ্ৰোহীক এই আক্ৰমণৰ দায়ী বুলি কোৱা হৈছে। ইৰান সমৰ্থিত হোথী বিদ্ৰোহী আৰু চৌদী আৰৱৰ নেতৃত্বৰ সেনা মিত্ৰজোঁট সমৰ্থিত য়েমন চৰকাৰৰ মাজত জাৰি কৰা যুদ্ধত কেইটামান মাহৰ অপেক্ষাকৃত শান্তিৰ পিছত শনিবাৰে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

    সেনা সূত্ৰই জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া নামাজ পঢি় থকাৰ সময়ত এটা সেনা শিবিৰত হোথী বিদ্ৰোহীয়ে ১৭০ কিলোমিটাৰ দূৰত্বত মাৰিবত এই আক্ৰমণ কৰে। য়েমেনৰ বিদেশ মন্ত্ৰালয়ে টুইটাৰযোগে ক’লে যে ‘আমি হোথী বিদ্ৰোহীৰ দ্বাৰা মছজিদত কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছো… য’ত ১০০ জনকৈও অধিক লোকৰ মৃত্যু হয় আৰু ১২ জনকৈও অধিক আহত হয়।’ আহতসকলক মাৰিবৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

    ইয়াৰ পূৰ্বে কোৱা হৈছিল যে এই আক্ৰমণত ৮৩ জন সেনা নিহত হৈছিল আৰু ১৪৮ জন আহত হয়।

    Photo credit: sandesh.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং