27 C
Guwahati
Monday, November 29, 2021
More

    খোজ কাঢ়ি ভুটানৰ পৰা অসমত উপস্থিত ১০ শ্ৰমিত, এজন নিখোজ

    লকডাউনৰ মাজতে চুবুৰীয়া দেশ ভূটানত কৰ্মৰত অসমৰ ১১ জনকৈ লোকে সীমান্তৰ নৈৰ পাৰে পাৰে খোজকাঢ়ি আহি প্ৰৱেশ কৰিলে অসমত। ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলীত আজি প্ৰৱেশ কৰে মুঠ ১০ জনকৈ লোকে। ইয়াৰে ৫ গৰাকী লোক শোণিতপুৰ জিলাৰ আৰু ৫ গৰাকী লোক বাক্সাৰ কাউলীৰ বুলি জানিবলৈ পোৱা গৈছে।

    আনহাতে তাৰেই এজন নিখোজ বুলি জানিবলৈ দিয়ে দলীয় সতীৰ্থই। ভুটানৰ ভাংটা কাৱৈ পানীৰ পৰা উপস্থিত হৈছে লোক কেইজন। ভুটানৰ পৰা দেওবাৰে পুৱা যাত্ৰা আৰম্ভ কৰি পাহাৰ, নৈ বগাই সীমান্তৰ মাজেৰে কাউলীত আহি উপস্থিত হয় দলটো। বৰ্তমানে লোক কেইজনক কাউলী তৰুণগাঁও প্ৰাথমিক বিদ্যালয়ত আছুতীয়াকৈ ৰখা হৈছে।

    ঘটনাস্থলীত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। ইতিমধ্যে লোক কেইজনৰ ওচৰত চিকিৎসা কৰ্মীৰ এটা দল গৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।

    শোণিতপুৰ জিলাৰ ৫ জনকৈ লোকৰ নাম সমূহ হৈছে ৰাম দয়াল পাইক(৪০), ৰূপেছ ওৰাং(৩৭)পাপলু ভূমিজ(৩১)খুদাং মুণ্ডা(৪৮) আমজান খান(৩৮)। আনহাতে বাক্সাৰ কাউলীৰ যুৱক কেইজনৰ নাম মহেশ্বৰ বিশ্বাস(৩৪), হিৰো বৈশ্য(৪৫), অখিল বিশ্বাস(২৫), উদয় বৈশ্য (৩১) আৰু প্ৰভাত বাক্সি (৩০)।

    Photo Credit: @abhijittalukdar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং