27 C
Guwahati
Wednesday, June 29, 2022
More

    তেজপুৰত অচিনাক্ত বাহনৰ খুন্দাত এজনৰ মৃত্যু,উদ্ধাৰ হোৱা নাই পৰিচয়

    ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিপোটা দলঙৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা

    তেজপুৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজন লোকে। তেজপুৰ থানাৰ অন্তৰ্গত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিপোটা দলঙৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত এজন পথচাৰীয়ে কৰুণ মৃত্যুক সাৱটি ল’লে।

    আৰক্ষীয়ে এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই মৃত লোকজনক। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ঘটনাতো পুৱাই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং