23 C
Guwahati
Wednesday, May 18, 2022
More

    অবিশ্বাস্য! এটা কাৱৈ মাছে প্ৰাণ কাঢ়িলে কৃষকৰ!

    এটা কাৱৈ মাছ মুজিবুৰে নিজৰ মুখত থৈ আনটো কাৱৈ ধৰিবলৈ লওতেই মুখত ৰখা কাৱৈটো তেওঁৰ ডিঙিৰ ভিতৰলৈ সোমাই যায়

    এটা কাৱৈ মাছে প্ৰাণ কাঢ়িলে এজন লোকৰ। অবিশ্বাস্য হ’লেও এই ঘটনা সংঘটিত হৈছে কচুৱা থানাৰ অন্তৰ্গত ৰাঙলুবস্তি গাঁৱত। মজিবুৰ ৰহমান নামৰ কৃষকজনে বুধবাৰে বিয়লি জালপাতি বিলত মাছ ধৰিবলৈ যায়৷ আগতেই পাতি থোৱা জালত লাগিছিল দুটা কাৱৈ মাছ৷

    এটা কাৱৈ মাছ মুজিবুৰে নিজৰ মুখত থৈ আনটো কাৱৈ ধৰিবলৈ লওতেই মুখত ৰখা কাৱৈটো তেওঁৰ ডিঙিৰ ভিতৰলৈ সোমাই যায়৷

    ইয়াৰ পিছতেই মজিবুৰৰ উশাহ নিশাহ বন্ধ হৈ যোৱাত পৰিয়ালৰ লোক তথা স্থানীয় লোকে তৎক্ষণাৎ কচুৱা মডেল হস্পিতালত ভৰ্তি কৰে যদিও কৰুণ মৃত্যু ঘটে মজিবুৰৰ। কৃষকগৰাকীৰ আকস্মিক মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

    Photo Credit: All About Assam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং