27 C
Guwahati
Wednesday, October 13, 2021
More

    কন্যাৰ বিবাহলৈ অতিথি নিমন্ত্ৰণ কৰিবলৈ আহি ৰে’ল ষ্টেচনতে মৃত্যুৰ কোলাত শুই পৰিল পিতৃ

    টিকট কাউণ্টাৰতে এজন যাত্ৰী ঢলি পৰাক লৈ ষ্টেচনটোত মুহুৰ্ততে লাগে হুৱাদুৱা

    নলবাৰীৰ কৈঠালকুছি ৰে’ল ষ্টেচনত আজি পুৱাই এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ষ্টেচনটোৰ টিকট কাউণ্টাৰতে এজন যাত্ৰী ঢলি পৰাক লৈ ষ্টেচনটোত মুহুৰ্ততে হুৱাদুৱা লাগে। লগে লগে যাত্ৰীগৰাকীক নলবাৰী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

    মৃত লোকজনক জিলাখনৰ বালিগাঁৱৰ বীৰেন দাস (৬৪) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বীৰেন দাসে তেওঁৰ কন্যাৰ বিবাহ অনুষ্ঠান উপলক্ষে গুৱাহাটীলৈ অতিথি নিমন্ত্ৰণ কৰিবলৈ গৃহৰ পৰা ওলাই আহিছিল। আধাবাটতে ঘটা এই অথন্তৰে বীৰেন দাসৰ পৰিয়ালত হাহাকাৰৰ সৃষ্টি কৰিছে।

    Photo Credit: India Rail Info

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং