15 C
Guwahati
Friday, January 28, 2022
More

    হিমন্ত বিশ্ব শৰ্মা,পিযুষ হাজৰিকাৰ নাম লৈ ৰাইজক আভুৱা ভাৰা প্ৰৱঞ্চকক আটক

    পূৰ্বে বিবাহিত এইজন লোকে বৰিগাঁৱৰ এগৰাকী কিশোৰীক বিয়াৰ প্ৰস্তাৱ দিছিল

    এজন প্ৰৱঞ্চক পৰিছে মৰিগাঁও আৰক্ষীৰ জালত। ৰাইজে আৱদ্ধ কৰি গটাই দিলে আৰক্ষীক ৷ মৰিগাঁৱৰ লগতে বিভিন্ন ঠাইত উপায়ুক্ত,SP, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পিযুষ হাজৰিকা নাম লৈ প্ৰৱঞ্চকটোৱে আভুৱা ভাৰি থাকে সাধাৰণ লোকক। মৰিগাঁও বৰিগাঁৱৰ এটি পৰিয়ালে ঘৰত আশ্ৰয় দিছিল এইজন লোকক ৷

    পূৰ্বে বিবাহিত এইজন লোকে বৰিগাঁৱৰ এই ঘৰ লোকৰ এগৰাকী কিশোৰীক বিয়াৰ প্ৰস্তাৱ দিছিল ৷ লোকজনে ৰাইজক জনোৱাত সকলো কথা ওলাই পৰে ৷ প্ৰৱঞ্চকজন নলবাৰীৰ সঞ্জীৱ পাঠক। মৰিগাঁও সদৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৰিগাঁৱৰ ৰাইজৰ পৰা চমজি লৈ তদন্ত আৰম্ভ কৰিছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং