29 C
Guwahati
Tuesday, September 28, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    চামগুৰিত পাঁচশতাধিক বানাক্ৰান্তক বানসাহায্য বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ

    সাহায্য বিতৰণ অনুষ্ঠানত মিৰদান ৱেলফেয়াৰ ছ'চাইটিৰ আৰু অংকুৰিত অসমৰ হৈ প্ৰিয়ংকা বৰুৱা, ৰাহুল মোডী, ৰমেশ ছেত্ৰী, অনুপম হাজৰিকা আৰু নাছিৰ হুছেইন উপস্থিত থাকে।

    বানবিধস্ত চামগুৰিৰ লাওখোৱাত আজি বানসাহায্য বিতৰণ কৰিলে চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনে। বেংগালুৰ অসম এছ’চিয়েশ্বন, ড্ৰীমছ প্ৰডাকছন, অংকুৰিত অসম আৰু মিৰদান ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত পাঁচশতাধিক পৰিয়ালক বান সাহায্য প্ৰদান কৰা হয়।

    সাহায্য বিতৰণ অনুষ্ঠানত মিৰদান ৱেলফেয়াৰ ছ’চাইটিৰ আৰু অংকুৰিত অসমৰ হৈ প্ৰিয়ংকা বৰুৱা, ৰাহুল মোডী, ৰমেশ ছেত্ৰী, অনুপম হাজৰিকা আৰু নাছিৰ হুছেইন উপস্থিত থাকে। দলটোক সহযোগ কৰে চামগুৰিৰ সমাজকৰ্মী লানু হাজৰিকাই।

    চামগুৰিৰ ১নং, ২নং আৰু ৩নং ভূৰবন্ধাত দলটোৱে পাঁচশতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত শিশুৰ খাদ্য, কাপোৰ, চাবোন, টুথপেষ্ট আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। দলটোৱে আনকি অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহটো গৈ সাহায্য বিতৰণ কৰে।

    গুৱাহাটীৰ পৰা অহা দলটোৱে চামগুৰিৰ বানবিধস্ত অঞ্চলৰ ৰাইজক বানসাহায্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰো বুজ লয়। আনহাতে সুদূৰ বেংগালুৰুত থাকি চামগুৰিবাসীৰ দুখৰ সময়ত থিয় দিয়া বেংগালুৰ অসম ছ’চাইটিক চামগুৰিৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    আজি শ্বহীদ দিৱস; ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক

    ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    উমানন্দৰ শেষৰটো সোণালী বান্দৰৰ মৃত্যু

    ২২ফেব্ৰুৱাৰীত মৃত্যু হৈছিল বান্দৰটোৰ

    ন্যায়ালয়ত মুখ থেকেচা নৱ ঠাকুৰীয়াৰ, কাইলৈ অনুষ্ঠিত হ’বই গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

    কাইলৈ পুৱা ৮ বজাৰ পৰাই বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা

    চাপৰত দুৰ্বত্তক আটক কৰাৰ নামত মহিলা আৰু শিশুৰ ওপৰত শাৰীৰিক অত্যাচাৰ আৰক্ষীৰ

    গুৰুতৰভাৱে আহত হৈছে ৪জনকৈ মহিলা ক্ৰমে আমিনা খাতুন, মাফিয়া খাতুন, হালিমা খাতুন আৰু চাবিয়া খাতুন