26 C
Guwahati
Sunday, September 19, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল তুনলাই নাৰ্জাৰী, চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন

    ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেৰ্তৃত্ব বহন কৰি আজি কিছুসময় পূৰ্বে শ্বটফুটত সোণৰ পদক লাভ কৰে তুনলাই নাৰ্জাৰীয়ে।

    কোকৰাঝাৰ/ ১৩ আগষ্ট :- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সোণৰ পদকেৰে উজলিল কোকৰাঝাৰৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত তুনলাই নাৰ্জাৰী। ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেৰ্তৃত্ব বহন কৰি আজি কিছুসময় পূৰ্বে শ্বটফুটত সোণৰ পদক লাভ কৰে তুনলাই নাৰ্জাৰীয়ে।

    খেলুৱৈগৰাকীয়ে সোণৰ পদক লাভ কৰাত গৃহ জিলা কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে তুনলাই নাৰ্জাৰীক অভিনন্দন জ্ঞাপন কৰি এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।

    তুনলাই নাৰ্জাৰী নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু তুনলাই নাৰ্জাৰীক অনুসৰণ কৰি ভৱিষ্যতে অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সোণৰ পদক আজুৰি আনিব বুলি আশা প্ৰকাশ কৰে ৰাজেন সিঙে।

     উল্লেখ্য যে ইয়াৰ পূৰ্বে কাজাকাস্থান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্তঃৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাতো তুনলাই নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি শ্বটফুটত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

    Kokrajhar | Edited by: Dulu Medhi | First Published: Aug 14, 2019

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    স্প্যান বসানোর কাজ শেষ, দৃশ্যমান হল বাংলাদেশের স্বপ্নের পদ্মা সেতু

    ২০২২ সালের জুন মাসের মধ্যে পদ্মা সেতু চালু হবে বলে জানিয়েছেন মন্ত্রিপরিষদ সচিব খন্দকার আনোয়ারুল ইসলাম।